ডুবাইলৈ ৰাওনা ৰিয়ান পৰাগ
ডুবাইলৈ ৰাওনা হ’ল ৰিয়ান পৰাগ সহিতে আন চাৰি অসমীয়া ক্ৰিকেটাৰ
১৯ ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হব IPL-ৰ ত্ৰয়োদশ সংস্কৰণ। বিশ্বৰ সৰ্ববৃহৎ টী-২০ লীগত অংশগ্ৰহণ কৰাৰ বাবে ডুবাইলৈ ৰাওনা হল অসম সন্তান ৰিয়ান পৰাগ। ডুবাই যাত্ৰাৰ পুৰ্বে ৰিয়ান পৰাগৰ চাৰিবাৰকৈ ক’ভিড টেষ্ট কৰে। লক্ষ্যণীয় ভাৱে ৰিয়ানৰ চাৰিও বাৰৰে কভিড টেষ্টৰ ফলাফল নিগেটিভ আহে। ৰিয়ানে প্ৰথমে মুম্বাই তাৰ পিছতে মুম্বাইৰ পৰাই ডুবাইলৈ ৰাওনা হয় ৰিয়ান পৰাগ।
বিগত বৰ্ষত ৰিয়ানে IPL-ত আগবঢ়াইচিল সুন্দৰ প্ৰদৰ্শন। উল্লেখযোগ্যযে ৰিয়ানে লকডাউনৰ মাজতো কঠোৰ অনুশীলনত ব্ৰতী হৈ আছিল। আশা কৰা হৈছে বিগত বৰ্ষতকৈও এইবাৰ IPL-ত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব ৰিয়ান পৰাগে।
ৰিয়ান সহিতে ডুবাইলৈ ৰাওনা অসমৰ চাৰি ৰঞ্জী ক্ৰিকেটাৰ। অসমৰ ৰাহুল সিং, মৃন্ময় দত্ত , জিতুমণি কলিতা আৰু মুক্তাৰে IPL-ৰ নেট বলিঙৰ বাবে লাভ কৰিছে আমন্ত্ৰণ। ৰাহুল সিং, মৃন্ময় দত্ত আৰু জিতুমণি কলিতা ৰাজস্থান ৰয়েলচ দলত আৰু মুক্তাৰে চানৰাইজাৰ হায়দৰাবাদ দলৰ পৰাই নেট বলিঙৰ বাবে লাভ কৰিছে আমন্ত্ৰণ। আশা কৰা হৈছে আটাইকেইজন ক্ৰিকেটাৰে IPL-ত উন্নত প্ৰদৰ্শন কৰি ভাৰতীয় ক্ৰিকেটলৈ পথ প্ৰসস্থ কৰিব।