ৰাজ্য়ৰ ভিন্ন স্থানত উদ্ধাৰ নিচাযুক্ত দ্ৰব্য
অসম আৰক্ষীৰ বৃহৎ সফলতা।মৰিগাঁৱত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ নিচাযুক্ত দ্ৰব্য।মৰিগাঁৱৰ দলবাৰিৰ চহিদুল্লাহ খান নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ হয় নিচাযুক্ত দ্ৰব্য খিনি।মৰিগাঁও জিলাৰ দলবাৰিৰ মুন্না নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ শহুৰেক চহিদুল্লা খানৰ ঘৰৰ ভিতৰত গাঁতত পুটি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বস্তাই বস্তাই নিচাজাতীয় দ্ৰব্য৷ মৰিগাঁও আৰক্ষী অধীক্ষৰ নেতৃত্বত এটা বৃহৎ দলে পুৱাৰ পৰাই ঘৰটোত চলাই অভিযান ৷ অভিযুক্ত মুন্নাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও নিচাযুক্ত দ্ৰব্যৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২লাখ ৫৯ হাজাৰ টকা৷
আন এক অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অবৈধ সাৰুৱা তেল৷ কেৰাচিনৰ পৰা ডিজেল পেট্ৰল বনাই অবৈধ ভাৱে ব্যৱসায় চলাই আছিল ৰাজীৱ নামৰ এজন লোকে৷ আজি আৰক্ষীয়ে ৰাজীৱৰ ঘৰত উদ্ধাৰ কৰে কেৰাচিনৰ পৰা পেট্ৰল ডিজেল বনোৱা কেমিকেল ৷ কিন্তু বৰ্তমানেও পলাতক ৰাজীৱ ৷
স্বাধীনতা দিৱসৰ দিনাই বিলাসীপাৰা চহৰতো উদ্ধাৰ হয় বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰব্য। আৰক্ষী থানাৰ নগৰ উপ পৰিদৰ্শক প্ৰনৱ দলেৰ এক বিশেষ অভিযানত বিলাসীপাৰা চহৰত হাতে লোটে ধৰা পৰে নিচাজাতীয় দ্ৰব্য সহ তিনি চোৰাং সৰবৰাহকাৰী।চাপৰৰ নিউ হাতীপোতা গাঁৱৰ তিনিজন যুবক ক্ৰমে হাছানুৰ আলী, মস্তাবিজুৰ ৰহমান আৰু আব্দুল বাৰেক ।