Local, Vocal, Global

এ টি এম বিচাৰি হাবাথুৰি কুঠৰীবাসীৰ

এটা এ টি এম-ৰ অভাৱৰ বাবেই এতিয়া হাৰাশাস্তি ভূগিব লগা হৈছে কলিয়াবৰৰ কুঠৰীবাসীয়ে। এটা এ টি এম নথকাৰ বাবেই এ টি এমৰ পৰা নিজৰ জমা থোৱা ধন উলাবলৈ দুশ টকা পৰ্যন্ত খৰচ কৰিব লগা হয় কুঠৰীবাসীয়ে। নগাঁও-গোলাঘাট জিলাৰ সীমাত অৱস্থিত কুঠৰীৰ প্ৰায় ত্ৰিছ হাজাৰ জনসাধাৰণ যাব লাগে প্ৰায় পঁচিছ কিলোমিটাৰ দূৰত্বত থকা জখলাবন্ধা নহ’লে গোলাঘাট জিলাৰ কহঁৰাত থকা এ টি এম-লৈ। কুঠৰীত অসম গ্ৰামীণ বিকাশ বেংকৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ এটা লিংক শাখা আছে যদিও জমা ধন উলাবলৈ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। এইক্ষেত্ৰত শীঘ্ৰে এটা এ টি এম স্থাপনৰ দাবী জনাইছে অঞ্চলবাসীয়ে।