Local, Vocal, Global

ৰাম, মোদীৰ অশ্লীল ফটো পোষ্ট কৰি আৰক্ষী জালত আনসাৰ

ভগৱান ৰাম আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অশ্লীল ফটো পোষ্ট কৰাৰ বাবে বৰপেটা ৰোডত আনসাৰ খান নামৰ যুৱকক আটক কৰে আৰক্ষীয়ে। বৰপেটা ৰোডৰ ১নং ৱাৰ্ডৰ নিবাসী আব্দুল মজিদৰ পুত্ৰ আনসাৰ খান নামৰ যুৱকজনে যোৱা নিশা ফেচবুকত হিন্দু দেৱতা শ্ৰীৰাম আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অশ্লীল ফটো ফেচবুকত পোষ্ট কৰাক লৈ এক সাম্প্ৰদায়িক মনোভাৱৰ সৃষ্টি হৈছে। উক্ত ঘটনাৰ আঁৰত তৃতীয়পক্ষৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অখিল ভাৰত হিন্দু মহাসভাই। এনে ধৰণৰ অশ্লীল, সাম্প্ৰদায়িক পোষ্টক লৈ জাঙুৰ খাই উঠে অখিল ভাৰত হিন্দু মহাসভাৰ কৰ্মকৰ্তাসকল। উল্লেখ্য যে আজিৰ এই হিংসাত্মক ঘটনাক লৈ অখিল ভাৰত হিন্দু মহাসভাই বৰপেটা ৰোড থানাত এক গোচৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ল’ৰাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে। হিংসাত্মক ঘটনাক লৈ বৰপেটাৰোড চহৰত চেপা উত্তেজনাই বিৰাজ কৰিছে।