বঙাইগাঁও বন বিভাগৰ সফল অভিযান, অবৈধ কাঠফলা মিলসহ জব্দ বৃহৎ পৰিমাণৰ কাঠ
বঙাইগাঁও বন বিভাগৰ সফল অভিযান। অবৈধ কাঠফলা মিলসহ জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ কাঠ ।শুকুৰবাৰে পুৱা এক গোপন খবৰৰ ভিত্তিত বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে এক বিশেষ অভিযান চলায় ৷ অভিযানত জিলাখনৰ কীৰ্তনপাৰাৰ সমীপৰ বৰাইচোলাত এটা অবৈধ কাঠফলা কল উৎখাত কৰে বন সুৰক্ষা বাহিনীয়ে। অভিযানকাৰী দলটোৱে উক্ত স্থানৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ কাঠৰ কুণ্ডা ৷ সম্প্ৰতি জব্দকৃত কাঠখিনি আৰু কাঠফলা মিলটো বন বিভাগৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে ৷ কাঠখিনিৰ বজাৰ মূল্য অনুমানিক ৭৫ হাজাৰ টকা হ’ব বুলি জানিবলৈ দিছে বন বিভাগে। আনহাতে উক্ত চোৰাং কাঠৰ সৰবৰাহত জড়িত দুস্কৃতিকাৰীক তথা কাঠফলা কলৰ গৰাকীক কৰায়ত্ত কৰাৰ বাবে বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ৷