ঋণ দিয়াৰ প্ৰলোভনেৰে তথ্য সংগ্ৰহ কৰিবলৈ আহি আৰক্ষীৰ হাতত ধাৰাসায়ী প্ৰৱঞ্চক
ঋণ দিয়াৰ প্ৰলোভনেৰে গ্ৰাহকৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ আহি আৰক্ষীৰ হাতত ধাৰাসায়ী হ’ল প্ৰৱঞ্চক৷ ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰৰ মুখ্য কাৰ্যালয়ত সংঘটিত হল এই ঘটনা। নিজকে ICICI বেংকৰ ঋণ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি অপৰ্ণা মুৰু নামৰ মহিলা এগৰাকীৰ নিৰ্দেশত গুৱাহাটীৰ সৈকত নন্দী নামৰ লোকজনে শিক্ষক পুতুল নাথক বেংকৰ পৰা ঋণ দিব বুলি তেওঁৰ তথ্য-পাতি নিবলৈ আহিছিল। গুৱাহাটীৰ পৰা ফোনযোগে তেজপুৰৰ ঘৰপৰা চুবুৰীৰ বাসিন্দা পুতুল নাথক ঋণ দিবলৈ যাৱতীয় তথ্য নিবলৈ আহোতে তেজপুৰত আৰক্ষীৰ হাতত আটক হয়৷ জানিবলৈ পৰা মতে পূৰ্বতে ফোন কৰি ঋণৰ যাৱতীয় তথ্য বিচাৰি যোগাযোগ কৰি গ্ৰাহকৰ পৰা বেংকৰ কোনো ধৰণৰ কাগজ-পত্ৰ নথকাকৈ এটিএম, পাঁচবুক বিচাৰি লোৱাত সন্দেহ ওপজে নাথৰ আৰু তাৰ পিছত আৰক্ষীক অৱগত কৰাত বেংকৰ পৰা সৈকত নন্দীক আটক কৰি লৈ যায়।