শিৱসাগৰত মানৱতাৰ এক সুন্দৰ নিৰ্দশন

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীৰ বাবে স্তব্ধতা। কিন্তু এনে কঠিন সময়তে শিৱসাগৰৰ এখন গাঁৱৰ ৰাইজে দেখুওৱাইছে মানৱতাৰ এক সুন্দৰ নিৰ্দশন। শিৱসাগৰ জিলাৰ হাঁহচৰা চাওদাং গাঁৱৰ নাৰায়ণ বৰুৱাৰ ঘৰৰ এগৰাকী যুৱতীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল। বৰ্তমান সময়ত যুৱতীগৰাকী সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি আহিছে যদিও প্ৰশাসনে নাৰায়ণ বৰুৱাৰ ঘৰটো বৰ্তমানেও কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি ৰাখিছে। যাৰ ফলত খেতি পথাৰলৈ যাৱ পৰা নাই পৰিয়ালটো। নাৰায়ণ বৰুৱাৰ এই বিপদৰ সময়ত হাত উজান দি সহায় কৰিছে হাঁহচৰা চাউদাং গাঁৱৰ ৰাইজে। গাঁৱৰ ৰাইজে টেক্টৰ সহায়ত হাল বোৱাৰ লগতে ভুঁই ৰুইছে। সকলো ৰাইজে নাৰায়ণ বৰুৱাৰ সহায় কৰাৰ উদেশ্যে পথাৰত নামি পৰিল। আজিও মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰ হাঁহচৰাৰ চাউদাং গাওঁবাসী ৰাইজে।