Local, Vocal, Global

নগাঁৱত ৰাইজৰ ৰোষত পৰিল চোৰ

এশ গৰু মাৰিলে বাঘৰো মৰণ। লকডাউনত একাংশ লিপ্ত হৈ পৰিছে চুৰি কাৰ্যত। বিগত বহুদিন ধৰি চুৰি কৰি ৰাইজক জ্ৱলাকলা খুৱাই আহিছে। ঘটনাৰ স্থান নগাঁৱৰ কঁঠিয়াতলীৰ সাপ্তাহিক বজাৰ। বহুদিনৰ পৰাই চৈৰ্য্য বৃত্তিৰে ৰাইজক ত্ৰাহি মধুসুধন দেখুৱাই আহিছিল এজন চোৰে। কিন্তু মঙলবাৰে মঙল বেয়া আছিল চোৰৰ৷ চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল গভাইত চোৰটো। ৰাইজে ধৃত চোৰক কৰায়ত্ব কৰি কঁঠিয়াতলী সাপ্তাহিক বজাৰত খুঁটাত বান্ধি ৰাখে। ৰাইজৰ ৰোষত পৰা চোৰজন কঁঠিয়াতলী হায়াবস্তিৰ গোপাল মুণ্ডা বুলি জানিব পৰা গৈছে। ৰাইজে চোৰটোৰ পৰা এখন চাইকেল আৰু এখন দা জব্দ কৰে।