Local, Vocal, Global

PMAY গৃহ প্ৰদানৰ নামত ৰাজ্যত চৰম দুৰ্নীতি

যি সময়ত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে তেনে সময়তে ধেমাজি জিলাৰ এটা পঞ্চায়তত সংঘটিত হৈছে চৰম দুৰ্নীতি। ধেমাজি চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি গাওঁপঞ্চায়ত PMAY গৃহ প্ৰদানৰ নামত লুন্ঠনৰাজ ৷ PMAY গৃহ প্ৰদানৰ বাবদ পঞ্চায়ত সভাপতিয়ে লুটিলে লক্ষধিক ধন। পঞ্চায়তৰ সভাপতিয়ে হিতাধিকাৰীৰ পৰা বলপূৰ্বক ১০ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰাইজৰ ৷

মাৰ্চ মাহতে সভাপতিক ১০ হাজাৰকৈ ধন দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰীয়ে। কিন্তু বৰ্তমানেও কোনো ধৰণৰ PMAY গৃহ লাভ কৰা নাই পৰিয়ালটোৱে। ইয়াৰ পৰিৱৰ্তে ঘৰ বিচাৰি গ’লে সভানেত্ৰী উষাৰাণী কুলি গগৈৰ স্বামীয়ে বিভিন্ন ভাবুকি দি আহিছে হিতাধিকাৰীৰ পৰিয়ালটোক।

 

উল্লেখযোগ্য যে ভুক্তভোগী হিতাধিকাৰীয়ে পৰিয়ালটোয়ে ঘৰ পোৱাৰ আশাত ১০ টকা হাৰত ধন সুতলৈ আনি সভানেত্ৰীক প্ৰদান কৰিছিল। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালটোয়ে চিলাপথাৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।