Local, Vocal, Global

ৰাজ্যত পুনৰ জঘন্য ডাইনী কাণ্ড

ৰাজ্যত পুনৰ ডাইনী কাণ্ড। চিৰাঙৰ ভাৰত-ভুটান সীমান্তৰ ভুৰবস্তিত অন্ধবিশ্বাসৰ বশৱৰ্তী একাংশ ৰাইজ। ডাইনী সন্দেহত দুটাকৈ পৰিয়ালৰ সদস্যক মাৰপিটৰ ঘটনা। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ একাংশ লোকে ৰাজহুৱা বিচাৰ পাতি ডাইনী সজাই আক্ৰমণ কৰে পৰমেশ্বৰ সুত্ৰধৰ আৰু লোগাই বসমুতাৰীৰ পৰিয়ালক ৷ উত্তপ্ত জনতাৰ ৰোষত গুৰুতৰভাৱে আহত হয় পৰমেশ্বৰ সুত্ৰধৰৰ লগতে পত্নী মঞ্জুলা সুত্ৰধৰ আৰু লোগাই বসুমতাৰীৰ মাতৃ গেন্দ্ৰী বসুমতাৰী ৷ আহত আটাইকেইগৰাকীক ৰুণীখাটা আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰি চিদলী সামূহিক স্বাস্থ্যকেন্দ্ৰত ততাতৈয়াকৈ চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়ৈ প্ৰেৰণ কৰে।