জৰাজীৰ্ণ পথে জীয়াতু ভুগাইছে মাহমৰা সমষ্টিৰ জনতাক

বাট-পথৰ জৰাজীৰ্ণ অৱস্থাত জীয়াতু ভুগিছে মাহমৰা সমষ্টিৰ জনতাই। একাঁঠু বোকাৰ মাজেৰে অহা যোৱা কৰিব লাগে ৰাইজে , আনকি সেই পথেৰে যাব নোৱাৰে এম্বুলেন্সো। সমষ্টিটোৰ পথ- উপপথ সমুহৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়ত বিপদ সংকুল হৈ পৰিছে । ভৰালী পুখুৰী পঞ্চায়তৰ অন্তৰ্গত চেলেং গাওঁ ন-পুখুৰীৰ পৰা পদুমনী সংযোগী পথটোৰে যান বাহন অহা যোৱা কৰাটো দূৰৰ কথা খোজ কাঢ়ি যাবলৈ পথটোত একাঁঠু বোকা । অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি পথটো মেৰামতি কৰাৰ আবেদন নিবেদন জনাই আহিছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ। নিৰ্বাচনৰ সময়ত ৰাইজক পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি শিলগুটি এটাও নপৰিল । ৰাইজে বোকাৰ মাজেৰে হাতত জোতা চেণ্ডেল লৈ কাৰ্য্যলয় , হাত বজাৰলৈ আহিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। পথৰ দুৰৱস্থাৰ বাবে এম্বুলেঞ্চ যাব নোৱাৰাৰ ফলত গাওঁৰ কোনো লোক অসুস্থ হলে চিকিৎসালয়লৈ চাঙিত কঢ়িয়াই আনিব লগা হয়।