Local, Vocal, Global

Health Benefits of Black Pepper : স্বাস্থ্যৰ বাবে কিমান উপকাৰী জালুক

জালুক সৰ্বাধিক ব্যৱহৃত মছলাৰ ভিতৰত অন্যতম।জালুক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াত শক্তিশালী ঔষধি গুণ থাকে, যাৰ বাবে আয়ুৰ্বেদতো ইয়াক বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়(Health Benefits of Black Pepper)।

শীতকালত আমাৰ শৰীৰত সাধাৰণতে বিভিন্ন প্ৰকাৰৰ ৰোগে দেখা দিয়ে। বিশেষকৈ এই সময়ছোৱাত চৰ্দি-কাহ, জ্বৰৰ লগতে বিভিন্ন সংক্ৰমণাত্মক ৰোগ হয়। এনে পৰিস্থিতিত, যদি আপুনি শীতকালত স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে, তেন্তে আপুনি আপোনাৰ আহাৰত জালুক অন্তৰ্ভুক্ত কৰিব পাৰে। জালুকৰ বহুতো ঔষধি গুণ আছে।

পাকঘৰত ব্যৱহাৰে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে জালুকে । কিন্তু আপুনি জানেনে যে পাকঘৰত ৰখা কিছুমান মচলা খাদ্যৰ সোৱাদৰ লগতে স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। এই খাদ্যৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। জালুকত প্ৰ’টিন, ভিটামিন-ডি, কেলচিয়াম, আইৰণ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে। তদুপৰি, জালুক খালে পাচন তন্ত্ৰ শক্তিশালী হয় আৰু শৰীৰৰ দুৰ্বলতা আঁতৰ হয়।শীৰটোক সুস্থ ৰাখিবৰ বাবে জালুক কেনেকৈ খাব লাগে, আজি জানো আহক-

মৌ

মৌৰ সৈতে জালুক খাব পাৰে ।যদি আপোনাৰ চৰ্দি বা কাহ হয়, তেন্তে এক চাহ চামুচ মৌৰ সৈতে মিহলি কৰি অলপ জালুকৰ গুৰি খাব পাৰে। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে শৰীৰটো গৰম কৰি ৰখাত যথেষ্ট সহায় কৰিব।

চাহ

শীতকালত চৰ্দি, কাহ আৰু সংক্ৰমণৰ পৰা বাচি থাকিবলৈ আপুনি জালুক দিয়া চাহ খাব পাৰে। চাহত জালুক দি খালে ই চাহৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে শৰীৰটোক গৰম কৰি ৰাখে।আনহাতে, যদি আপোনাৰ শ্লেষ্মাৰ সমস্যা আছে, তেন্তে জালুক চাহ খাই আপুনি ইয়াৰ পৰা সকাহ পাব পাৰে।

কাঢ়া

আপুনি শীতকালত জালুকৰ কাঢ়া বনাই খাব পাৰে।ইয়াৰ বাবে আপুনি এগিলাচ পানীত৯-১০ টা জালুক উতলাই ল’ব। ইয়াৰ পিছত এই পানীখিনি ফিল্টাৰ কৰি কুহুমীয়াকৈ খাব।ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট শক্তিশালী কৰিব।

গৰম পানী

শীতকালত আপুনি গৰম পানীৰে সৈতে সহজে জালুক খাব পাৰে।এইদৰে ৰাতিপুৱা খালী পেটত খাব। ই আপোনাৰ শৰীৰৰ হৰমনৰ ভাৰসাম্যহীনতাৰ সমস্যা আঁতৰ কৰিব আৰু ওজন হ্ৰাস কৰিব।