93th Srimanta Sankardeva Sangha Convention : আজি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ দ্বিতীয়টো দিন

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : আজি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ দ্বিতীয়টো দিন। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশন । ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী যেন এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে( 93th Srimanta Sankardeva Sangha Convention in Rangia)।
শনিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক বাপ, বান্ধৱ, ভকত, বৈষ্ণৱ, আই মাতৃসকলৰ সোত বৈছে। লোকে লোকাৰণ্য হৈ পৰিছে ৰঙিয়াৰ হাতীখলা পথাৰ।
ইফালে শনিবাৰে পুৱাৰে পৰা মূল নামঘৰত নাম কৃৰ্তন কৰা হৈছে, অধিৱেশনস্থলীৰ চৌদিশে এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। হৰিনাম ধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰিত হৈ পৰিছে। লক্ষ লক্ষ ভক্তক সংঘৰ ১০ হাজাৰ সেনাবাহিনী আৰু স্বেচ্ছাসেৱকসকলে আদৰিছে। সেৱাবাহিনীৰ এক বিশাল দলক অধিৱেশনৰ প্ৰতিটো দিশ চোৱাচিতা কৰিবলৈ নিয়োগ কৰা হৈছে(( 93th Srimanta Sankardeva Sangha Convention)।
অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ লগতে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ আৰু বিশাল আকাৰৰ শৰাই নিৰ্মাণ কৰা হৈছে। আনহাতে অধিৱেশনৰ আগন্তুক দিনকেইটাত সংঘৰ সকলোৰে কৰ্মপন্থা আৰু কাৰ্য প্ৰণালী সম্পৰ্কেও সিদ্ধান্তসমূহ গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, অধিৱেশনস্থলীৰ ভোজনালয়ত ৩০০টা চৌকা ৩০০ গৰাকী ৰান্ধনীৰ বিপৰীতে ২০০০ গৰাকী বিতৰণ কৰ্মী সাজু হৈ আছে ৷ একেলগে বহি ১০ হেজাৰ ভক্তক অন্ন প্ৰদান কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ সম্পূৰ্ণ সাজু কৰা হৈছে ৷মুঠতে এতিয়া উদুলি-মুদুলি হাতীখলা পথাৰ(Srimanta Sankardev Sangha’s convention, 93rd session will be held in Rangia)।