বিহাৰত মাতৃসহ কন্যাক দলবদ্ধ ধৰ্ষণ , ৯ জনলৈ আজীৱন কাৰাবাস
২০১৮ বৰ্ষৰ ১৩ জুন তাৰিখে বিহাৰত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী মহিলাসহ কন্যা শিশু। বিহাৰ চধিহা গাওঁত সংঘটিত হৈছিল এই জঘন্য ধৰ্ষণ কাণ্ড। বুধবাৰে বিহাৰৰ POSCO COURT এ জঘন্য ধৰ্ষণ কাণ্ডৰ ন্যায় হিচাপে ৯ টা পাষণ্ডলৈ আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ধৰ্ষণ কাণ্ডৰ লগত নাম সাঙুৰ খাই পৰা অভিযুক্ত দুটা কিশোৰৰ বিৰুদ্ধে বৰ্তমানেও মোকৰ্দমা অব্যাহত আছে।