অৱসৰপ্ৰাপ্ত সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ পত্নীয়ে নিজ গৃহতে চিপলৈ আত্মহত্যা
মৰিগাওঁত পুনৰ সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা।
এইবাৰ মৰিগাঁও শ’লমাৰীত সংঘটিত হৈছে ৰহস্যজনক আত্মহত্যাৰ ঘটনা।
ঘটনাৰ বিবৰণীমতে বুধবাৰে পুৱাই সংঘটিত হয় এই আত্মহত্যাৰ ঘটনাটো।
মৰিগাঁও শ’লমাৰীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ প্ৰায় ৪৭ বছৰীয়া পত্নীয়ে নিজ গৃহতে চিপলৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য আৰু শোকৰ ছাঁ পেলাইছে।
নিৰ্জু আৰু অমায়িক মহিলাগৰাকীয়ে কিয় এনেদৰে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচিললে তাকলৈ স্থানীয়লোক সকলে আচাৰ্য কৰিছে।
ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে