Local, Vocal, Global

বোকাজানত নিহত এটি ৮ বছৰীয়া শিশু

0 5

বোকাজান কয়লামাটিত খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটি ৮ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰিছে ৫০ জনৰো অধিক লোক। বোকাজান কয়লামাটিৰ আৰলংপীৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
গাঁওখনৰ এঘৰ মানুহৰ সকামত দিয়া চাহৰ লগত খাষ্টা বিস্কুট খাই অসুস্থ হৈ পৰিছে গাঁওখনৰ লোকসকল। বিস্কুট খোৱাৰ পিছতে বিষক্ৰিয়া হৈ পেটবিষ, বমি আৰু ডায়েৰীয়াত ভোগে গাঁওবাসীয়ে। তাৰ পিছতে এগৰাকী ৮ বছৰীয়া কিশোৰী বিষক্ৰিয়া হৈ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.