Local, Vocal, Global

দুই সন্তানক বিহ পান কৰোৱাই আত্মহত্যা কৰিলে এগৰাকী মাতৃয়ে

0 6

কৰিমগঞ্জৰ ধলছৰা গাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুজাৰ আনন্দ উল্লাখৰ মাজতে দুই সন্তানক বিহ পান কৰাই আত্মহত্যা কৰিলে এগৰাকী মাতৃয়ে। বিহ পান কৰোৱাৰ ফলত মৃত্যু হ’ল সন্তান দুটিৰো।আত্মহত্যা কৰা মহিলাগৰাকীৰ নাম হান্না বেগম ।

জানিব পৰা মতে হান্না বেগমে কন্যা মাহী বেগম আৰু পুত্ৰ তানবিৰ হুছেইন’ক প্ৰথমে বিহ পান কৰাইছিল। ইয়াৰ পিছতে হান্না বেগমে চিপ লৈ নিজে আত্মঘাতী হৈছিল । কি কাৰনত এগৰাকী মাতৃয়ে এই ঘটনা সংঘটিত কৰিলে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।

কিন্তু পাৰিবাৰিক কলহৰ ফলতে এনে মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বুলি জানিব পাৰা গৈছে | ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত । আৰক্ষীৰ মতে, পূৰ্বৰ পৰাই দম্পত্তিৰ মাজত কিছু মতনেক্য চলি আছিল | তিনিদিন পূৰ্বে স্বামীয়ে বোৱাৰি গৰাকিক পিতৃগৃহৰ পৰা প্ৰায় বলপূৰ্বক ঘৰলৈ উভতাই আনিছিল বুলিও জানিব পাৰা গৈছে |

Leave A Reply

Your email address will not be published.