Local, Vocal, Global

Watch | 8 MLAs of AIUDF detained while going to rescue the evicted: উচ্ছেদিতক উদ্ধাৰ কৰিবলৈ যোৱা AIUDFৰ ৮ বিধায়কক আটক

বিলাসীপাৰা : বিলাসীপাৰাৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি।
চিৰাকুটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি।
AIUDF ৰ ৮ বিধায়কৰ উপস্থিতিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।
উচ্ছেদিতক উদ্ধাৰ কৰিবলৈ যোৱা AIUDFৰ ৮ বিধায়কক আটক।
বিলাসীপাৰাত উচ্ছেদিতৰ কাষলৈ আহি প্ৰতিবাদ কৰোতেই ৰাষ্ট্ৰীয় ঘাইপথতে আটক ৮ বিধায়কক।
আটক AIUDF ৰ ৮ বিধায়ক ক্ৰমে- হাফিজ বছিৰ আহমেদ ক্বাছিমী, ড° হাফিজ ৰফিকুল ইছলাম, আমিনুল ইছলাম, আশ্ৰাফুল ইছলাম, কৰিমুদ্দিন বৰ ভূঞা, ছামছুল হুদা, নিজানূৰ ৰহমান, নজৰুল ইছলাম।
উচ্ছেদ অভিযান বন্ধ আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত বিভিন্ন দল সংগঠন আৰু উচ্ছেদিত ৰাইজৰ সহযোগত চিৰাকুটাত আয়োজন কৰিছিল বিশাল প্ৰতিবাদী কাৰ্যসূচী।

লগকে পঢ়ক : Watch | Duliajan messive fire: দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড