Local, Vocal, Global

কুম্ভকৰ্ণ নিদ্ৰাত এটা বিয়াগোম বিভাগ

আছে গৰু নাবায় হাল থকাত কৈ নথকায় ভাল। ৰাজ্যৰ এটা বিয়াগোম বিভাগ নাম জলসিঞ্চন বিভাগ।

অৰ্কমন্য এই বিভাগটোৰ কাৰনেই এতিয়া জিয়াতু ভুগিবলগীয়া হৈছে কৃষক। পথাৰত চিলাৰ ফাট, কৃষকৰ মুৰে-কপালে হাত, কুম্ভকৰ্ণ নিদ্ৰাত জলসিঞ্চন বিভাগ। চাপৰত জলসিঞ্চন বিভাগৰ খেতিয়কক প্ৰহসন

পাচটা প্ৰকল্পৰ পাচটাই বিকল

খেতিপথাৰত পানীৰ অভাৱ, কুম্ভকৰ্ণ নিদ্ৰাত চাপৰ জলসিঞ্চন  বিষয়া

চৰকাৰী ধনৰ ব্যাপক অপচয়

ৰুষ্ট আজি প্ৰকৃতি। নাই বৰষুণ,পানীৰ অভাৱ।ইপিনে শাঁওন মাহ। শালি ধানৰ খেতিৰ সময়। ৰাজ্যৰ কৃষকে যাতে শালি আৰু আহু খেতিৰ সময়ত পানীৰ বাবে হাহাকাৰ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জলসিঞ্চন বিভাগ নামৰ এটি বিয়াগোম বিভাগ প্ৰতিষ্ঠিত কৰি কোটি কোটি টকা ব্যয় কৰিছে চৰকাৰ।

সেই মৰ্মে ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ কৃষকে যাতে খেতিৰ বাবে যথা সময়ত পানী লাভ কৰে সেই উদ্দেশ্যে “চাপৰ উপ সংমণ্ডল (জলসিঞ্চন) চাপৰ”ৰ অধীনত ভকঁতগাঁও, সত্যপুৰ, চোছলাপাৰা,বহলপুৰ আৰু শ্ৰীগ্ৰামত পাচটা প্ৰকল্প স্হাপন কৰিছিল। লাক্ষ লাক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মিত হোৱা প্ৰকল্প সমূহ আজি সম্পূৰ্ণৰূপে বিকল। যাৰ ফলত কৃষকৰ মুৰে-কপালে হাত দিব লগীয়া পৰিস্থিতি।

একাংশ বিষয়া কৰ্মচাৰীৰ চৰম হেমাহি আৰু দায়িত্ব হীনতাৰ বাবে আজি প্ৰকল্প সমূহ ধ্বংসৰ গৰাহত। একমাত্ৰ অৰ্কমন্য এই বিভাগটোৰ বাৱে এতিয়া  ৰাজ্যৰ খাটিখোৱা কৃষক সকলোৰ মুৰে-কপালে হাত দিব লগীয়া পৰিস্থিত হৈছে। নিশ্ছিন হৈ যাব ধৰা প্ৰকল্প সমূহ ৰক্ষা কৰিবলৈ তথা নিজৰ দায়িত্বক আওকাণ কৰি কেবল চৰকাৰী দৰমহাৰ মুনাফা আদায় কৰি বিলাসিতা জীৱন অতিবাহিত কৰা কৰ্মচাৰী সকলৰ বিৰুদ্ধে চৰকাৰে কি বিহীত ব্যৱস্থা লয় সেয়া সময়ে কব। আমাৰ পৰবৰ্তি প্ৰতিৱেদনত ৰাজ্য চৰকাৰৰ দৰমহা ভুগি এই অৰ্কমন্য বিভাগটোৰ বাতৰি সবিস্থাৰে প্ৰকাশ কৰিম।