Local, Vocal, Global

ট্ৰেক্টৰৰ তলত পৰি মৃত্যু ৭ বছৰীয়া শিশুৰ !

এক শোকাৱহ ঘটনাত সংঘটিত হৈছে দক্ষিণ চালমাৰা-মানকাচাৰ জিলাত। এখন দ্ৰুতবেগী ট্ৰেক্টৰ এজন সাত বছৰীয়া শিশু ওপৰেৰে যোৱাৰ ফলত মৃত্যুমুখত পৰে ৭ বছৰীয়া শিশু আৰু আন এজন গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে মৃত নাবালক শিশুটোক মফিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৰ সময়ত শিশুটিৰ বয়স সাত বছৰ।তদুপৰি, একেটা ঘটনাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আনটো শিশুক মুস্তাফিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।আঘাট প্ৰাপ্ত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে শিশু দুটা ট্ৰেক্টৰে খুন্দা মৰাৰ সময়ত ৰাস্তা পাৰ হৈ আছিল।ইফালে, আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।অৱশ্যে, ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই।ঘটনাটো সংঘটিত কৰা ট্ৰেক্টৰৰ চালকজনক এতিয়াও আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই।