ইছলামিক শাসনৰ ভয়াবহ ৰূপ, গৰ্ভনিৰোধক ব্যৱহাৰ কৰিলে হত্যা…

ডিজিটেল ডেস্কঃ- আফগানিস্তানত ‘শ্বৰিয়া আইন অনুসৰি চলিব লাগিব ঘৰ সংসাৰ। তালিবানে গৰ্ভনিৰোধক ঔষধৰ বিক্ৰী বন্ধ কৰি দিলে। কিয়নো গৰ্ভনিৰোধক ব্যৱহাৰ কৰাতো শ্বৰিয়ত মতে হাৰাম।
খবৰ পোৱা গৈছে যে এই পদক্ষেপ শ্বৰীয়ত আইন অনুসৰি গ্ৰহণ কৰা হৈছে। তালিবানে যুক্তি আগবঢ়ায় যে গৰ্ভনিৰোধক বড়িৰ ব্যৱহাৰক শ্বৰীয়ত আইনত ‘হাৰাম’ বুলি কোৱা হৈছে। আনুষ্ঠানিকভাৱে অৱশ্যে এই সন্দৰ্ভত কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই। অৱশ্যে আফগানিস্তানৰ নতুন শাসকে দেশখনৰ সকলো ঔষধৰ দোকানক গৰ্ভনিৰোধক বড়িৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
“ৰুখছানা মিডিয়া” নামৰ আফগান সংবাদ সংস্থাত প্ৰকাশিত বাতৰি অনুসৰি তালিবানে এই ফাতোৱা জাৰি কৰাৰ পিছত কাবুল আৰু বালখ প্ৰদেশৰ ঔষধৰ দোকানসমূহে গৰ্ভনিৰোধক বড়ি বিক্ৰী বন্ধ কৰি দিয়ে।
ইফালে তালিবান চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন শৰণাৰ্থী মন্ত্ৰী শ্ববনম নাছিমীয়ে। শেহতীয়াকৈ তেওঁ এই বিষয়ত টুইট কৰিছিল। তাত শ্ববনামে লিখিছে, “গৰ্ভনিৰোধক বড়িৰ ব্যৱহাৰ নাৰীৰ মানৱ অধিকাৰৰ ভিতৰত পৰে। এই অধিকাৰ কাঢ়ি লোৱাটো অনৈতিক।’ আফগান সংবাদ সংস্থাত প্ৰকাশিত বাতৰি অনুসৰি তালিবানৰ ফতোৱা জাৰি কৰাৰ পিছৰে পৰা গৰ্ভনিৰোধক বড়িৰ দাম আকাশলংঘী হৈছে।
দেশৰ কেইবাটাও স্থানত এই ঔষধৰ ক’লা বজাৰ আৰম্ভ হোৱা বুলিও খবৰ পোৱা গৈছে। কিন্তু এই ঔষধৰ আমদানি তালিবান চৰকাৰে যথেষ্ট হ্ৰাস কৰা বুলি খবৰ পোৱা গৈছে। আফগান মহিলাসকলে দাবী কৰে যে মধ্যবয়সত উপনীত হোৱাৰ সময়ত আগতে গৰ্ভনিৰোধক বড়ি উপলব্ধ আছিল। কিন্তু শ্বৰীয়ত আইনৰ কথা কৈ তালিবান চৰকাৰে বাতিল কৰিছে। মূলতঃ ৩৫ বছৰৰ ওপৰৰ মহিলাসকলে এই গৰ্ভনিৰোধক বড়ি ল’ব পাৰিছিল। কিন্তু সন্তান জন্ম দিব লাগিছিল। জনা যায় যে এই আদবয়সীয়া মহিলাসকলে এতিয়া এই বড়ি গ্ৰহণ কৰিব পৰা নাই।
আফগানিস্তানত ক্ষমতালৈ অহাৰ পিছৰে পৰা তালিবানে ইটোৰ পিছত সিটো ফতোৱা জাৰি কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁলোকে ৰাজহুৱাভাৱে মৃত্যুদণ্ড প্ৰদান কৰা দেখা গৈছিল। কেৱল সেয়াই নহয়, তালিবানেও ৰাজহুৱাভাৱে কোবাই দিয়াৰ দৰে শাস্তি দিছে। কান্দাহাৰৰ ষ্টেডিয়ামত ৰাজহুৱাভাৱে কোব চুৰিৰ শাস্তি দিয়া হৈছে।
আনহাতে আফগান শাসকে নাৰীৰ অধিকাৰ আৰু নাৰীৰ শিক্ষাৰ ওপৰত ফতোৱা জাৰি কৰিছে।উল্লেখ্য যে, দুমাহৰ আগতে তালিবানে মহিলাৰ বাবে কলেজ আৰু বিশ্ববিদ্যালয়ৰ দুৱাৰ বন্ধ কৰি দিছিল। ইয়াৰ লগে লগে কাবুলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আফগান মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। আফগান পুৰুষেও তেওঁলোকৰ আন্দোলনত যোগদান কৰিলে। কিন্তু তাৰ পিছতো তালিবান চৰকাৰে মহিলা শিক্ষাৰ প্ৰতি জেদী মনোভাৱ দেখুৱাইছে। সেই ঘটনাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকে গৰ্ভনিৰোধক বড়ি বিক্ৰী বন্ধ কৰি দিলে।