Local, Vocal, Global

হঠাৎ বন্ধ হ’ল বিগ বাজাৰকে ধৰি মহানগৰীৰ ৭ টা শ্বপিংমল

নিউজ ডেস্ক, ২৭ ফ্ৰেব্ৰুৱাৰীঃ মহানগৰীৰ ভঙাগড়স্থিত বিগ বাজাৰত চিৰদিনলৈ ওলমিল তলা। মহানগৰীৰ বিলাসী এই শ্বপিংমলটোত নিশা প্ৰায় ৮.৪৫ বজাত উপস্থিত হোৱা এটা দলে কৰ্মচাৰীসকলক উলিয়াই দি শ্বপিংমলটোৰ মুখ্যদ্বাৰত তলা ওলমাই দিয়ে। লগতে বিলাসী এই শ্বপিংমলটোৰ সন্মুখত ‘ষ্টক মিলাই থকা হৈছে’ লিখা বেনাৰ আৰি দিয়া হৈছে।
        তদুপৰি বিগবাজাৰৰ লখৰাত থকা শ্বপিংমলটো, ফিউচাৰ ৰিটেইল কোম্পানীৰ অধীনস্থ গুৱাহাটীৰ পল্টনবজাৰ, কমাৰ্চ পইণ্ট আৰু ছুপাৰ মাৰ্কেটত থকা এফ বি বিৰ আন তিনি বিলাসী শ্বপিংমলো নিশাৰ ভাগত হঠাতে বন্ধ কৰি দিয়া হয়। তাৰোপৰি জু-ৰ’ড তিনিআলিত থকা গুৱাহাটী চেণ্ট্ৰেল, লাচিত নগৰৰ ব্ৰেণ্ড ফ্ৰেক্ট্ৰৰীটোত নিশা তলা ওলমাই দিয়ে। এনেদৰে হঠাতে মহানগৰখনত থকা ৭টাকৈ বিলাসী  শ্বপিংমল বন্ধ হোৱাত শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।