Local, Vocal, Global

GMCHৰ পুৰণি বিল্ডিঙত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,২৭ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেওবাৰে ৰহস্যজনক অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
           উল্লেখ্য যে, ৩ বছৰীয়া সন্তানৰ চিকিৎসাৰ বাবে অহা মহিলাগৰাকীৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ হৈছে। ২১ বছৰীয়া মহিলাগৰাকীৰ নাম আয়েশা খাটুন বুলি জানিব পৰা গৈছে।
          শনিবাৰে নিশা হাস্পতালতে স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বুলি সদৰী কৰে মহিলাগৰাকীৰ মাতৃয়ে। মহিলাগৰাকীক দ্বিতীয় স্বামী হাদি আলীয়ে হত্যা কৰাৰ সন্দেহ কৰিছে মহিলাগৰাকীৰ মাতৃয়ে। মহিলাগৰাকীৰ মাতৃয়ে সদৰী কৰে যে, পূৰ্বৰ স্বামীৰ লগত সম্পৰ্ক ৰখাৰ সন্দেহত প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল হাদি আলী। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।