মিজোৰামৰ পিছত এইবাৰ মেঘালয়ৰ আগ্ৰাসন

মিজোৰামৰ পিছত এইবাৰ মেঘালয়ৰ আগ্ৰাসন। বকো সমষ্টিৰ অন্তৰ্গত গামেৰীমুড়া শালবাৰীত এইবাৰ প্ৰায় ২ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিল মেঘালয়।
অসম-মেঘালয় সংযোগী পথৰ ওপৰত দি গ’ল চিহ্ন। যোৱা ৫ আগষ্টত মেঘালয়ৰ এটা দলে এই কাণ্ড সংঘটিত কৰে। ঘটনাৰ উমান পাই ৰাভা ছাত্ৰ সন্থাৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হয় আৰু সবিশেষ অসম আৰক্ষী-প্ৰশাসনক অৱগত কৰে।
মিজোৰাম কাণ্ডৰ উত্তেজনা মাৰ নাযাওঁতেই মেঘালয়ৰ এনে কাৰ্য্যত হতবাক হৈ পৰিছে সীমান্তবাসী ৰাইজ। পুনৰ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবৰ বাবে অতিশীঘ্ৰে অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাই।