দীপাৱলীত কপাল ফুলিল, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ’ল প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভৱ
ভাৰতীয় বংশোদ্ভূত ঋষি চুনাক গ্ৰেট ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। চুনাকে সৰ্বাধিক সংখ্যক সাংসদৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বি পেনি মৰ্ডণ্ট সমৰ্থনত যথেষ্ট পিছ পৰি ৰয়৷ পাছত পেনি মৰ্ডণ্টে নাম প্ৰত্যাহাৰ কৰে। ৪৫ দিনৰ পাছত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈ থকা লিজ ট্ৰাছৰ পদত্যাগৰ পিছত পুনৰ এবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷ য’ত ঋষি চুনাক আৰম্ভণিৰে পৰা শক্তিশালী প্ৰতিদ্বন্দী হিচাপে গণ্য কৰা হৈছিল। ঋষি সুনাকে কালি তেওঁৰ আনুষ্ঠানিক প্ৰাৰ্থিত্ব ঘোষণা কৰি কৈছিল যে তেওঁৰ লক্ষ্য আছিল অৰ্থনীতি ঠিক কৰা৷ দলটোক একত্ৰিত কৰা। ব্ৰিটেইনে লাভ কৰিলে নতুন প্ৰধানমন্ত্ৰী৷ ইয়াৰ পূৰ্বে ভাৰতীয় বংশোদ্ভৱ ঋষি চুনাকৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বি আছিল লিজ ট্ৰাছ৷
কোন হ’ব বিশ্বৰ শক্তিধৰ দেশ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। চৰ্চা মতে ভাৰতীয় বংশোদ্ভৱ ঋষি চুনাক হ’ব পাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী। ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া সোমবাৰে সম্পূৰ্ণ হৈছে। যাৰ পিছত সিদ্ধান্ত লোৱা হ’ব যে লিজ ট্ৰাছ নে ঋষি চুনাক ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব। আজি ঘোষিত হ’ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। যদি আজি ঋষি চুনাক প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয় তেন্তে নতুন ইতিহাস লিখা যাব। কিয়নো আমেৰিকাৰ দৰে শক্তিশালী দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছ। ইপিনে ঋষি চুনাক ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’লে আন এক ইতিহাস লিখা যাব। বিশ্বৰ ৰাজনীতিত ভাৰতীয়ৰ দপদপনি বৃদ্ধি হ’ব।
চুনাকৰ জন্ম হৈছিল ১৯৮০ চনৰ ১২ মে’ত। ভাৰতীয় পিতৃ-মাতৃ যশবীৰ আৰু ঊষা চুনাকৰ ঘৰত জন্ম হৈছিল। তিনি ভাই-ভনীৰ ভিতৰত চুনাক জ্যেষ্ঠ। পিতৃ যশবীৰৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল কেনিয়াত। আনহাতে মাতৃ ঊষাৰ জন্ম তাঞ্জানিয়াত হৈছিল। তেওঁৰ ককা-আইতাৰ জন্ম ব্ৰিটিছ ভাৰতৰ পাঞ্জাৱ প্ৰদেশত হৈছিল। ১৯৬০ৰ দশকত ককা-আইতাকে সন্তানৰ সৈতে পূব আফ্ৰিকাৰ পৰা যুক্তৰাজ্যলৈ গুচি আহিছিল। পিতৃ যশবীৰ এজন সাধাৰণ চিকিৎসক আছিল আৰু মাতৃ ঊষা এজন ফাৰ্মাচিষ্ট আছিল। চুনাকে হেম্পশায়াৰৰ ৰোমচিৰ ষ্ট্ৰাউড স্কুল আৰু উইনচেষ্টাৰ কলেজত পঢ়িছিল।