Local, Vocal, Global

UP ত আদিত্যনাথৰ বুল্ডজাৰ

নিউজ ডেস্ক, ১৪ জুন : বিতৰ্কিত নূপুৰ শৰ্মাৰ মন্তব্য লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ। ঠায়ে ঠায়ে হিংসাত্মক ঘটনা। উত্তৰ প্ৰদেশৰ জুম্মাৰ পিছৰে পৰা উতপ্ত হৈ পৰে পৰিস্থিতি ।

জুম্মাৰ নামাজৰ পিছত দুস্কৃতিকাৰীয়ে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে আৰু পৰিস্থিতি হিংসাত্মক কৰি তোলে । পৰৱৰ্তী সময়ত হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰে |

উত্তৰ প্ৰদেশৰ CM Yogi Adityanath এ হিংসাত্মক পৰিস্থিতিৰ লগত জড়িত থকা প্ৰতিজন ব্যাক্তিৰ ওপৰত তদন্ত কৰাৰ নিৰ্দেশ দিয়ে প্ৰশাসনক।

নিৰ্দেশ দিয়াৰ পিছতে বুল্ডজাৰৰ সৈতে দুস্কৃতিকাৰীৰ বাসগৃহত উচ্ছেদ অভিযান আৰম্ভ কৰে। প্ৰথমে কানপুৰৰ মুল অভিযুক্তৰ ঘৰত উচ্ছেদৰ পিছত প্ৰয়াগৰাজ, সহাৰণপুৰ সহ আৰু ৪খন জিলাত উচ্ছেদ অভিযান চলায়।

বুল্ডজাৰ অভিযানক কেন্দ্ৰ কৰি যোগীৰ চৰকাৰক টাৰ্গেট কৰি Twitter যুগে Post কৰে বহু বিৰোধী দলে। বুল্ডজাৰ অভিযানক কেন্দ্ৰ কৰি সমাজবাদী পাৰ্টীৰ অধ্যক্ষ Akhilesh Yadav ৱে দুটা টুইট যুগে চৰকাৰ’ৰ এই অভিযান অনৈতিক বুলি দাবি কৰে| BSPৰ সুপ্ৰীমো মায়াৱতীও টুইট কৰি জনালে ই চৰকাৰে আইন নিজৰ হাতত তুলি এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ব্যবহৃত কৰা অনৈতিক কাৰ্য।