Local, Vocal, Global

ভাৰতৰ পৰা ইৰানলৈ ৫ লাখ ক’ভিড ১৯ ভেকচিন

ইৰানে ভাৰতৰ পৰা লাভ কৰিব ৫ লাখ ক’ভিড ১৯ ভেকচিন। যাৰ ভিতৰত দেশখনে ইতিমধ্যে ১.২৫ লাখ ভেকচিন লাভ কৰিছে। এই বিষয়ে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে টুইট কৰিছে। উল্লেখ্য যে ইৰানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ কিয়ানাশ জাহানবুৰে বাকী থকা ৩.৭৫ লাখ ভেকচিন অহা সপ্তাহত লাভ কৰিব বুলি অৱগত কৰিছে।