Local, Vocal, Global

এইবাৰ অসমীয়া মহিলা ট্ৰেক্টৰ চলাই কৃষি কৰ্মৰ বাবে সাজু

জামুগুৰিহাটৰ পৰা ট্ৰেক্টৰ চলাই ছিপাঝাৰৰ গৰুখুটিলৈ কৃষি কৰ্মলৈ ৰাওনা হ’ল মহিলা ।

যি সময়ত আফগানিস্তানত মহিলা সকলে গোৰ্খা পিন্ধা আৰম্ভ কৰিছে  সেই সময়ত অসমৰ যুৱতীয়ে টেক্টৰ চলাই খেতি পথাৰত কৃষি কৰ্মৰ বাৱে আগবাঢ়িছে ৷

ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পৰা এইদৰে একাংশ যুৱতীয়ে টেক্টৰ লৈ ছিপাঝাৰৰ গৰুখুটীলৈ বুলি ৰাওনা হৈছে ৷ উদ্দেশ্য ছিপাঝাৰৰ গৰুখুটী প্ৰকল্পত মাটি চহাই খেতি কৰিব এই সকল যুৱতীয়ে ৷

ছিপাঝাৰৰ এই সকল যুৱতীক বিশ্বনাথ চাৰিআলিৰ মেচিনাৰী ফ্ৰামত ট্ৰেক্টৰৰ লগতে বিভিন্ন মেচিনেৰী সামগ্ৰীৰ প্ৰশিক্ষণ দিয়াই কৃষি কৰ্মৰ বাৱে সাজু কৰি তুলিছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শুক্ৰবাৰে এইদৰে প্ৰশিক্ষিত মহিলা সকলক ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত ৰাজহুৱা সম্বৰ্দ্ধনা জনাই গৰুখুটিলৈ প্ৰেৰণ কৰে বিধায়ক পদ্ম হাজৰিকাই ।

গৰুখুতি প্ৰকল্পৰ  অধক্ষ গৰাকীয়ে কয় যে ডেৰ মাহত দহ হেজাৰ বিঘা মাটি কৃষিৰ বাবে প্ৰস্তুত কৰা হব৷২০০৮ চনত প্ৰথম কন্যকা প্ৰকল্প আৰম্ভ হৈছিল আৰু এতিয়া দ্বিতীয়তে  আৰম্ভ হৈছে গৰুখুটি প্ৰকল্প৷ইয়াৰ বাবে স্হানীয় ৰাইজে সম্পুৰ্ণ সহযোগীতা আগবঢ়াইছে ৷

২৩ গৰাকী মহিলা ওলাই আহিছে  আৰু প্ৰশিক্ষণ গ্ৰহন কৰিছে৷চিপাঝাৰৰ গৰুখুটি অঞ্চলৰ যুৱক যুৱতীয়ে কাম কৰিবলৈ লাজ নেপায়৷গৰুখুটীৰ বাবে ৫০ জনী গুজৰাটী গিৰ গাই আহি পাব শীঘ্ৰে৷গৰুখুটীৰ গাখীৰে অসমখন দখল কৰিলেই আমি সুখী হম৷সপ্তাহৰ প্ৰতিটো ৰবিবাৰে তাত সাংস্কৃতিক কাৰ্য্যসুচীৰ ব্যৱস্থা কৰা হৈছে৷