Local, Vocal, Global

কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিউজ ডেক্স , ২৮ জুন : কৃত্ৰিম বান সমস্যা সমাধানৰ দাবীত আজি ৰাজপথত প্ৰতিবাদত নামিছে আছু ।
আছুৱে উত্তাল কৰিলে পৰিবেশ। শ্বহীদ ন্যাসৰ সন্মুখত আছুৰ প্ৰতিবাদমূলক কাৰ্যসূচী।

চৰকাৰ বিৰোধী শ্লোগানত কঁপিল মহানগৰীৰ আকাশ – বতাহ । এজাক বৰষুণত মহানগৰত যি কৃত্ৰিম বানৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব লগা হয় সেই ভয়ংকৰ পৰিস্থিতিয়ে মহানগৰবাসীক জুৰুলা কৰি পেলাইছে আৰু সেই পৰিস্থিতিৰ পৰা ত্ৰাণ পাবলৈ আছুয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

বান সমস্যাক সমাধানৰ বাবে , বাট পথ নিৰ্মাণৰ লগতে নলা নৰ্দমা নিৰ্মাণৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ।

হাতে হাতে প্লেকাৰ্ড লৈ GMC , GMDA হায় হায় শ্লোগানেৰে প্ৰতিবাদত উত্তাল প্ৰতিবাদকাৰীৰ।