Local, Vocal, Global

Assam Congress: বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

বঙাইগাঁও,৮জানুৱাৰী : বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিত অগপ আৰু বিজেপিত ব্যাপক খহনীয়া ৪০ গৰাকী অগপ-বিজেপিৰ কৰ্মীৰ কংগ্ৰেছত যোগদান।নতুনকৈ যোগদান কৰা সকলক ফুলাম গামোচাৰে দললৈ আদৰণি জনায় বিধায়ক আব্দুল বাতিন খন্দকাৰে(Assam Congress)।

বিগত এমাহত অগপ-বিজেপিৰ শশ কৰ্মী কংগ্ৰেছত যোগদান কৰিছে। সৃজনগ্ৰাম সমষ্টিৰ বানিজ্য বজাৰস্থিত সৃজনগ্ৰাম ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি ছেকান্দাৰ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ উপস্থিতিত অগপ আৰু বিজেপিৰ ৪০ গৰাকী সক্ৰিয় কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। কংগ্ৰেছত দলত যোগদান কৰিয়েই অগপ বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে দলীয় কৰ্মী সকলে(40 members from BJP, AGP join Congress)।

লগতে পঢ়ক :Jonbeel Mela: ১৬ ,১৭ আৰু ১৮ জানুৱাৰীত অনুস্থিত হ’ব ঐতিহাসিক গোভা দেউৰজা জোনবিল মেলা