Local, Vocal, Global

Mumbai’s Facebook live murder: ফেচবুক লাইভ চলি থকাৰ সময়তে গুলীয়াই হত্যা শিৱসেনাৰ নেতাক

নেশ্যনেল ডেস্ক,৯ ফেব্ৰুৱাৰী : অন কেমেৰা গুলীয়াই হত্যা নেতাক । ফেচবুক লাইভ চলি থকাৰ সময়তে গুলীয়াই হত্যা শিৱসেনাৰ নেতাক(Mumbai’s Facebook live murder) ।

মুম্বাইৰ দহিচৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনাটো । শিৱসেনাৰ প্ৰাক্তন কৰ্পৰেটৰ অভিষেক ঘোষালকা ফেচবুক লাইভৰ চলি থকাৰ সময়তে গুলীয়াই হত্যা কৰে। বৃহস্পতিবাৰে মুম্বাইৰ দহিছাৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনাটো(Shiv Sena Leader Fatally Shot During Facebook Livestream) ।

জানিব পৰা মতে, উদ্ধৱ সেনাৰ অভিষেক ঘোষালকাৰ নামৰ নেতাজনে ব্যক্তিগত বিবাদ নিষ্পত্তি কৰিবলৈ গৈছিল। তাৰ পিছতে তেওঁক গুলীয়াই হত্যা কৰা হয়। স্থানীয় সমাজকৰ্মী মৰিছ নোৰনহাই শূন্য দূৰত্বৰ পৰা অভিষেক ঘোষালকাৰক ৫ জাই গুলীচালনা কৰে।ঘোছালকাৰ আৰু নোৰোনহাৰ মাজত পাৰস্পৰিক শত্ৰুতা আছিল বুলি কোৱা হৈছে। ইয়াৰ পিছত নোৰনহাই নিজকে গুলীয়াই আত্মহননৰ পদক্ষেপ গ্ৰহণ কৰে(Team Uddhav leader shot dead during Facebook live, attacker kills self)।

গুলীচালনাৰ বাবে ব্যৱহাৰ কৰা অস্ত্ৰ অবৈধ বুলি মুম্বাই আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সমগ্ৰ গোচৰটো মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চক গতাই দিয়া হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Assam Police injured in drug mafia attack : ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত আৰক্ষী !