Local, Vocal, Global

মন্ত্ৰী ,বিধায়কৰ পিছত এইবাৰ PSO কৰ্তন হ’ব আৰক্ষীৰ

নিউজ ডেস্ক, ৭ এপ্ৰিল : ‘চৰকাৰী খৰচত আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষী বিষয়াই’ – ১০ দিনৰ ভিতৰত লিখিত প্ৰতিবেদন দাখিল কৰিব লাগিব মুখ্যমন্ত্ৰীক ।

মন্ত্ৰী ,বিধায়কৰ পিছত এইবাৰ PSO কৰ্তন হ’ব আৰক্ষীৰ

PSO কৰ্তনক লৈ বিশেষ শুনানি জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী ,বিধায়কৰ পিছত এইবাৰ PSO কৰ্তন হ’ব আৰক্ষীৰ ৷ অতিৰিক্ত, আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষীয়ে ৷ চৰকাৰী খৰচত নিয়োজিত PSOক আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব নিজ গৃহত ৷ যাৰবাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান, প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা বেটেলিয়ান কামাণ্ডেণ্টলৈ জৰুৰী পত্ৰ লিখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৷

কোনে, ক’ত, কিমান বেটেলিয়ান জোৱান ৰাখিছে আৰক্ষী বিষয়াই? ১০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক লিখিত প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশক আদৰণি জনাইছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷