Local, Vocal, Global

3 traffickers arrested with morphine in Bokajan :বোকাজানত জব্দ প্ৰায় ৭ কোটি টকাৰ মৰ্ফিন

নিউজ ডেস্ক, ১২আগষ্ট : শুকুৰবাৰে বোকাজান মহকুমাৰ আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৭ কোটি টকাৰ মৰ্ফিনসহ ৩টাকৈ সৰবৰাহকাৰীক । গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমাৰ আৰক্ষী জব্দ কৰে মৰ্ফিনখিনি ।

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও নিচাজাতীয় ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । নিচাজাতীয় সামগ্ৰীৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে চিনাজাতীয় সামগ্ৰীৰ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই(3 traffickers arrested with morphine worth rs 7 crore in Bokajan) ।

এইবাৰ বালিজানত জব্দ বৃহৎ পৰিমাণৰ মৰ্ফিন ।খবৰ অনুসৰি ১১আগষ্ট, শুকুৰবাৰে বোকাজান মহকুমা আৰক্ষীয়ে দুটা অভিযান চলাই আৰু এই অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ মৰ্ফিন ।

জানিব পৰা মতে,বোকাজান মহকুমা আৰক্ষীয়ে চলোৱা অভিযানৰ প্ৰায় ৭কোটি টকাৰ মৰ্ফিনসহ ৩টাকৈ সৰবৰাহকাৰীক জালত পেলাই। ইফালে দিনৰ ভাগত বালিজানত আৰক্ষীয়ে চলোৱা অভিযানত ৩কোটি টকাৰ মৰ্ফিন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিছিল(3 traffickers arrested with morphine in Bokajan)।

ইয়াৰ সমান্তৰালকৈ নিশাই পুনৰ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান পি পিৰ সমীপৰ নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা WB-06J-0370নম্বৰৰ এখন SWIFT বাহনত আৰক্ষীয়ে তালাচী চলাই আৰু তালাচীত দুটা পেকেটত প্ৰায় ১ কিলোগ্ৰাম মৰ্ফিন জব্দ কৰিবলৈ সক্ষম হয় । লগতে এজন লোকক আটক কৰে আটকাধীনলোকজন মণিপুৰৰ ঠৌবাল জিলাৰ মুৱাজ বুলি জানিব পৰা গৈছে(Morphine worth rs 7 crore in Bokajan) ।

আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আৰক্ষীয়ে জব্দ কৰা ১ কিলোগ্ৰাম মৰ্ফিন খিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা। বৰ্তমান আৰক্ষীয়ে আটক কৰা সৰবৰাহ কাৰীক কেইটাক মাৰাথান জেৰা অব্যাহত ৰাখিছে।