IED বিস্ফোৰণত আহত ৩ জন সৈনিক
নিউজ ডেস্ক, ২ জুন: জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক বিস্ফোৰণত কমেও তিনিজন সেনা জোৱান আহত হৈছে।
বাতৰি অনুসৰি, সন্ত্রাসবাদীয়ে এখন ব্যক্তিগত বাহনত IED স্থাপন কৰিছিল যাৰ ফলত বিস্ফোৰণটো হৈছিল। IED বিস্ফোৰণৰ ফলত আহত ৩ জন সৈনিকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
অৱশ্যে, এইটো স্পষ্ট নহয় যে বিস্ফোৰণটো এটা ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলি (আইইডি) বা গ্ৰেনেডৰ ফলত হৈছিল নে নাই। কাশ্মীৰ অঞ্চলৰ আৰক্ষীয়ে আজি পুৱা টুইটাৰ যোগে জনায় যে বিস্ফোৰণৰ তদন্ত কৰাৰ পাছত সঠিক কাৰণ জানিব পৰা যাব আৰু পৰৱৰ্তী সময়ত জনোৱা হব।
শ্বপিয়ানত আন এক আক্রমণৰ ঘটনাও সংঘটিত হৈছিল। সন্ত্রাসবাদীৰ গুলীচালনাত ফাৰুক আহমেদ শ্বেখ নামৰ এজন ব্যক্তি আহত হোৱাৰ খবৰ পোৱা গৈছে।