SI জোনমণি ৰাভা উপস্থিত গড়মূৰ থানাত
নিউজ ডেস্ক, ২ জুন: ভাবী স্বামীক নিজেই গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰি চৰ্চাত অহা SI জোনমণি ৰাভা উপস্থিত গড়মূৰ থানাত।
ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ আছিল বিষয়াগৰাকীৰ বিৰুদ্ধে আৰু সেই গোচৰৰ বাবেই থানাত উপস্থিত হৈছে জোনমণি ৰাভা।
ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে পূৰ্বৰে পৰাই জ্ঞাত আছিল জোনমণি ৰাভা। জোনমণিৰ উপস্থিতিতে ৰাণাই কমিছন লোৱাৰ অভিযোগ তুলিছিল ভুক্তভোগীয়ে। ৰাণা পাগাগৰ সৈতে জোনমণি ৰাভাই প্রৱঞ্চনা কৰাৰ গোচৰ ৰুজু হৈছিল।
মাজুলীত ৰুজু হোৱা ৩টা গোচৰ সন্দৰ্ভত জোনমণিক সোধা-পোছা কৰিবৰ বাবে গড়মূৰ থানাই তলব কৰিছিল জোনমণি ৰাভাক।