দুলীয়াজানত পুনৰ অঘটন।
নিউজ ডেস্ক, ২ জুন: তৈল নগৰী দুলীয়াজানত প্ৰায়ে পাইপ ফাটি তেল বা গেছ নিৰ্গমণ হৈ থকাৰ ঘটনা পোহৰলৈ আহে।
দুমাহ আগতে অইলৰ আবাসিক অঞ্চললৈ যোৱা পথত গেছৰ পাইপ ফাটি গেছ নিৰ্গত হৈছিল। আৰু বৰ্তমান সময়তো পাইপৰ মেৰামতি নকৰাৰ ফলস্বৰূপে বিগত দুমাহ ধৰি অইলৰ আবাসিক অঞ্চললৈ যোৱা পথ বন্ধ হৈ আছে। লগতে বন্ধ হৈ আছে কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠানো।
দুমাহ ধৰি গেছ নিৰ্গমণ হৈ থকাৰ ফলত ৰাইজ আতংকিত হৈ পৰিছে। সম্প্ৰতি অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সাধাৰণ ৰাইজে।
সোনকালে পাইপৰ পুনৰ নিৰ্মাণ নকৰিলে অইলৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দিছে ৰাইজ তথা ব্যৱসায়ীয়ে