Local, Vocal, Global

২৪ ঘন্টাত ৩ টাকৈ এনকাউন্টাৰ অসম আৰক্ষীৰ

নিউজ ডেস্ক, ৮ এপ্ৰিল : ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে এনকাউন্টাৰৰ ঘটনা । বিগত ২৪ ঘন্টাত ৩ টাকৈ এনকাউন্টাৰ অসম আৰক্ষীৰ । মৰিগাঁও, কৰিমগঞ্জৰ পিছত এইবাৰ আকৌ কাজিৰঙাত গৰজি উঠিল আৰক্ষীৰ বন্দুক ।

উল্লেখযোগ্য যে, মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী জেহিৰুল ইছলাম আৰু আন দুগৰাকী ব্যক্তিৰ পৰা প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল মৰিগাঁৱ আৰক্ষীয়ে । আটক ড্ৰাগছ সৰবৰাহকাৰী জেহিৰুল ইছলামে পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে । লাহৰিঘাট আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ৩৯০ গ্ৰাম হিৰ’ইন সহ গ্ৰেপ্তাৰ হৈছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক । বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ জেহৰুল।

২৪ ঘন্টাত ৩ টাকৈ এনকাউন্টাৰ অসম আৰক্ষীৰ

আনহাতে,কৰিমগঞ্জতো নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ প্ৰায় ২.২৭৫ কিলোগ্ৰাম হেৰ’ইন। ১৭৫ টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন। ঘটনা সন্দৰ্ভত চাৰিজন লোকক আটক কৰিছে আৰক্ষীয়ে ।

মৰিগাঁও, কৰিমগঞ্জৰ পিছত কাজিৰঙাত অভিযুক্তলৈ গুলীচালনা আৰক্ষীৰ । অসম জাতীয় সেনাৰ নামত কাজিৰঙাৰ বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীক ধনদাবী কৰা আকিদুৰ ৰহমানলৈ গুলী চালনা আৰক্ষীৰ । দাবী কৰা ধন নিবলৈ আহোতে চলিছিল অভিযান আৰু এই অভিযানত অভিযুক্তৰ বাহনলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে । ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল আকিদুৰ ৰহমানৰ লগত থকা আন দুজন সহযোগী । পুৱতি নিশাৰ দুয়োজন সহযোগীকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

এনেদৰেই অসমত বৃদ্ধি পাইছে এনকাউন্টাৰৰ ঘটনা। এতিয়া এনকাউন্টাৰক লৈ সৰৱ হৈ পৰিছে আৰক্ষী সকল ।