Local, Vocal, Global

অৰুণোদয় হিতাধিকাৰী সকলে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ

নিউজ ডেস্ক, ৮ এপ্ৰিল : অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ ২০ লাখ অৰুণোদয় লাভ কৰা হিতাধিকাৰীয়ে প্ৰতিমাহে ৭০ মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব। বিদ্যুৎ ৰেহাইৰ বাবদ বিদ্যুৎ মাছুল দিবলৈ হিতাধিকাৰীৰ একাউণ্টত অসম চৰকাৰে জমা দিব ২৫০ টকাকৈ। সেই ধন বিদ্যুৎ বিভাগত জমা দিব লাগিব অৰুণোদয়ৰ হিতাধিকাৰী সকলে।

অৰুণোদয় হিতাধিকাৰী সকলে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ

উল্লেখযোগ্য যে, সৰুসজাই ষ্টেডিয়ামত দিব্যাংগসকলৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি কয় যে অহা ১৫ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব ‘অৰুণোদয় সপ্তাহ’। এই অৰুণোদয় সপ্তাহতে নতুনকৈ আৰু ৬ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ’ব।

‘আজাদী কা অমৃত মহোৎসৱ’ ৰ সৈতে সংগতি ৰাখি ‘স্পেচিয়েল অলিম্পিক-ভাৰত’ ৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত দিব্যাংগসকলৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছিল।