Local, Vocal, Global

পুনৰ বোকাজানত কোটি টকাৰ ড্ৰাগছসহ ৩জনক আটক

নিউজ ডেস্ক, ২৯ মাৰ্চঃ পুনৰ বোকাজান আৰক্ষীৰ বৃহৎ সাফল্য। বোকাজানত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। খটখটী আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হয় ৭১১ গ্ৰাম ড্ৰাগছ।

খটখটীৰ ড্ৰিম স্কাই হোটেলৰ সন্মুখত জব্দ কৰে ড্ৰাগছখিনি। ড্ৰাগছখিনি NL 01H3804 নম্বৰৰ এখন মাৰুটি ভানত আনিছিল।

ডিমাপুৰৰ পৰা ৫৫টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি। ড্ৰাগছৰ লগতে দুটা মোবাইল ফোন আৰু নগদ ২৩ হাজাৰ টকা জব্দ কৰে ।

আৰক্ষীয়ে ভিতছ’ পহেনা, চোনগোৱা দুকৰো আৰু চালওনি পহেলা নামৰ ৩জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ নাগালেণ্ডত বুলি জানিব পৰা গৈছে।