Local, Vocal, Global

Fresh violence in Manipur : পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ, গৃহমন্ত্ৰীৰ ঘৰত আক্ৰমণ

নিউজ ডেক্স, ২৫ মে’ : অশান্ত জৰ্জৰ মণিপুৰ পুনৰ জ্বলিছে । বুধবাৰে বিষ্ণুপুৰ আৰু ইম্ফল পশ্চিম জিলাত অধিক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি আহিছে (Manipur Violence)। জিলা দুখনত সংঘটিত হিংসাত্মক ঘটনাত এজন সাধাৰণ নাগৰিক নিহত হোৱা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ ঘৰো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে (Manipur Minister house vandalised) । ঘটনাৰ পিছতে ৰাজ্যখনৰ বিষ্ণুপুৰ, পূব ইম্ফল, পশ্চিম ইম্ফল আৰু জিৰিবাম জিলাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ শিথিলতা নোহোৱাকৈ সান্ধ্য আইন জাৰি কৰা হয় ।

শেহতীয়াকৈ ৰাজ্যখনত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হিংসাত্মক ঘটনাৰাজিক লৈ সষ্টম হৈ পৰিছে আৰক্ষী তথা সেনাবাহিনী । এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে উত্তেজিত জনতাই আক্ৰমণ কৰে ৰাজ্যখনৰ গড়কাপ্তানি মন্ত্ৰী গোবিন্দাস কণ্টৌজামৰ বাসগৃহ (PWD Minister Govindas Konthoujam house vandalised) । বিষ্ণুপুৰ আৰক্ষী থানাৰ অধীনস্থ নিংথৌখং বজাৰত অৱস্থিত গোবিন্দাস কণ্টৌজামৰ বাসগৃহত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰি মন্ত্ৰীগৰাকীৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ।

ঘটনা অনুসৰি, মন্ত্ৰীগৰাকীৰ বাসগৃহত উত্তেজিত লোকৰ এক বৃহত্‍ দলে বলপূৰ্বকভাৱে প্ৰৱেশ কৰি আচবাব, খিৰিকীৰ কাঁচ আৰু বাহনৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়টোৰ ফাইলসমূহতো জুই লগাই দিয়ে । অৱশ্যে এই হিংসাত্মক ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে ।

আনহাতে চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ মহকুমাৰ লোকটক জলবিদ্যুত্‍ প্ৰকল্পৰ সমীপত অৱস্থিত মণিপুৰ মাউণ্টেইনিং এণ্ড ট্ৰেকিং এছ’চিয়েশ্যন (এমএমটিএ)ৰ প্ৰশিক্ষণ কমপ্লেক্সত বুধবাৰে সন্ধিয়া অগ্নিসংযোগ কৰে অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ এটা দলে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা এনেধৰণৰ হিংসাত্মক কাৰ্যৰ পৰিণতিত পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ ।

মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে, শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ভিতৰত প্ৰথমটো কাণ্ড সংঘটিত হৈছে মঙল আৰু বুধবাৰৰ মাজ নিশা । বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবি অঞ্চলৰ তিনিটা ঘৰত অগ্নিসংযোগ হয় । ইয়াৰ ফলত বিষ্ণুপুৰ জিলাৰ নিংথৌখং চহৰৰ ৰাজ্যিক মন্ত্ৰী গোবিন্দাস কনথৌজামৰ বাসগৃহত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক : 25 injured in road accident in Kerala : কেৰালাত শোকাৱহ পথ দুৰ্ঘটনা