Local, Vocal, Global

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ ২২জনক আটক…

ডিজিটেল ডেস্ক:-মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ ২২জনক আটক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ক প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত চি আই ডি ৰ তদন্তৰ মাজতেই এই পৰ্যন্ত ২২ জনক আটক কৰে।

সোমবাৰে চি আই ডিয়ে গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক, বিষয় শিক্ষক আৰু কৰ্মচাৰীসহ মুঠ ৩ জনক সোধ পোছ চলাই থকাৰ মাজতেই ৰাজ্যৰ আন আন প্ৰান্তৰ পৰা আন কেইবাজনো লোককে আটক কৰে আৰক্ষীয়ে।

এই পৰ্যন্ত আটক কৰা লোকসকলৰ মাজত অধিকাংশই শিক্ষাৰ্থী।আটক কৰা লোকসকলৰ মাজত আছে লখিমপুৰত ৫ জন, ধেমাজিৰ পৰা ১ জন, ডিব্ৰুগড়ৰ পৰা ৫ জন আৰু শদিয়া, তিনিচুকীয়াৰ পৰা বাকী কেইজন শিক্ষাৰ্থীক আটক কৰা হৈছে।

জানিব পৰা মতে শিক্ষাৰ্থীয়ে হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন কাকত লাভ কৰিছিল।