গৰমৰ দিনত ছালৰ যতন কেনেকৈ ল’ব আহক জানি লওঁ…

ডিজিটেল ডেস্ক:-গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ,ঘাম ৰ বাবে আমাৰ ছালৰ যথেষ্ট ক্ষতি হয়।সেয়েহে গৰমৰ দিনত আমাৰ ছালৰ যতন লোৱাতো প্ৰয়োজনীয়।গৰমৰ দিনত সূৰ্য্যৰ ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে। গৰমৰ দিন অহাৰ লগে লগে ছালৰ প্ৰাকৃতিক উজ্জ্বলতাৰ হেৰাই যায়।আৰু ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে।সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে।গৰমৰ দিন অহাৰ লগে লগে ছালৰ প্ৰাকৃতিত উজ্জ্বলতা হেৰাই যায়।ৰ’দে পোৰা,শালমইনা,ঘামচি আদি সমস্যাই গা কৰি উঠে।আমি গৰমৰ দিনত ছালৰ যতন লোৱাৰ লগতে ধুনীয়া দেখাৰ বাবে বহুটো প্ৰচেষ্ট হাতত লোৱা দেখা যায়।প্ৰত্যেক গৰাকী যুৱতীয়ে নিজকে ধুনীয়া দেখিবলৈ বিভিন্ন ছালৰ সামগ্ৰী ব্যৱহাৰ কৰে।কিন্তু আমি কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰিব পাৰো।
আমি গৰমৰ দিনত কিছুমান ঘৰুৱা উপায় ব্য়ৱহাৰ কৰি ছালৰ সতেজতা ঘুৰাই আনিব পাৰো।গৰমৰ দিনত আপুনি ছালৰ বাবে প্ৰচুৰ পৰিমানৰ পানী খাব ।আৰু ছানস্ক্ৰীন ব্য়ৱহাৰ কৰিব।
মুলতানী মাটি,গোলাপ জল,কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানৰ একেলগে মিহলাই দহমিনিত মুখত লগাই থৈ ঠাণ্ডা পানীৰে ধুলে ছাল নিমজ আৰু উজ্জ্বল হ’ব।
গাখীৰ,মৌ আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধুলে মুখত ৰদে পোৰা দাগ কমিব।
ছালকুঁৱৰীৰ ৰস নিয়মিত আমলখিৰ ৰসৰ লগত মিহলাই একাপকৈ খালে ছালত দাগ নপৰে। ছাল সতেজ কৰি ৰাখে। বয়সৰ চাপ কমে।
ছালকুঁৱৰীৰ সতেজ বীজলুৱাখিনি ছালত লগালে ছালৰ সতেজতা বঢ়ায়। ছাল নিস্তেজ নহয় আৰু ছালত দাগ নপৰে।
আনাৰসৰ ৰসত দুয়োখন ভৰি প্ৰায় আধাঘণ্টা ডুবাই ৰাখিলে ছালৰ পৰা মৃতকোষ পৰিষ্কাৰ হয়। ফলত ভৰিৰ ছাল বগা আৰু মিহি হয়।
জিৰাৰ পানীত দুটামান পদিনাৰ পাত অলপ নেমুৰ ৰস মিহলাই খাব।