Local, Vocal, Global

অসমলৈ আনিব ২,০০০ গিৰগাই

অচিৰেই অসমলৈ আহিব গুজৰাটৰ উন্নত প্রজাতিৰ ২,০০০ গিৰগাই ৷ গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ সৈতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মাজত হোৱা আলোচনা অনুসৰি অসমলৈ ২,০০০টা গিৰগাই অনাৰ ব্যৱস্থা কৰা হৈছে ৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশক্রমে গৰুখুঁটি প্রকল্পৰ অধ্যক্ষ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ উচ্চপদস্থ বিষয়াৰ দল এটা গুজৰাটত উপস্থিত হয় ৷

কৃষি বিভাগৰ বিনোদ ছেছান, ডাঃ কৰুণাকান্ত কোঁৱৰকে ধৰি তিনিজনীয়া পশু চিকিৎসকৰ দলটোৰ সৈতে গৰুখুঁটি প্রকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই আজি বিয়লি ৪ বজাত গুজৰাটৰ আহমেদাবাদত পশুপালন মন্ত্রী ৰাঘৱজী পেটেলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ সেই বৈঠকতে এমাহৰ ভিতৰত ২০০টা আৰু অহা মার্চ মাহৰ ভিতৰত ৫০০টা গিৰগাই অনাৰ ব্যৱস্থা কৰা হয়৷ সেই অনুসৰি কাইলৈৰ পৰা আনিবলগীয়া গিৰগাই বাছনিৰ প্রক্রিয়া আৰম্ভ হ’ব ৷ জানিব পৰা মতে, গিৰগাই অনাৰ বাবে যোৱা অসমৰ প্রতিনিধি দলটো অহা তিনি দিন ধৰি গুজৰাটত থাকিব ৷