Local, Vocal, Global

অৰুণাচলত অস্ত্ৰ-সস্ত্ৰসহ ২জন আলফা স্বাধীনৰ সদস্যক আটক

নিউজ ডেস্ক, ৩ মাৰ্চঃ বুধবাৰে অসম আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপোঙত দুজন আলফা স্বাধীনৰ সদস্যক আটক কৰে।
      অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত বনাঞ্চলৰ পৰা আলফা স্বাধীনৰ দুজন সদস্য ওলাই আহি আত্মসমৰ্পন কৰে যদিও অৰণ্যত আত্মগোপন কৰি থকা অন্য সদস্যসকলে পলায়ন কৰে।
     আটক হোৱা আলফা স্বাধীনৰ সদস্য দুজন হ’ল- ধোনী অসম আৰু জাগৰণ অসম। এই অভিযানত সুৰক্ষা বাহিনীৰ দলটোৱে ঘটনাস্থলীৰ পৰা ২টা এমকিউ ৮১ এছল্ট ৰাইফল, মেগজিন, গুলী আৰু বুলেটপ্ৰুুফ জেকেট উদ্ধাৰ কৰে।