Local, Vocal, Global

বকোৰ জাঁওকাটাত ভয়াবহ অগ্নিকাণ্ড- মৃত্যু ১জন

নিউজ ডেস্ক,৩ মাৰ্চঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁওকটা গাঁৱত আজি ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত প্ৰায় ৭ লক্ষাধিক টকাৰ সম্পত্তিৰ ভষ্মীভূত হৈ যায়।
      জাঁওকাটা গাঁৱৰ নিবাসী মকবুল হুছেইনৰ ঘৰত আকস্মিক ভাৱে জুইৰ সূত্ৰপাত ঘটি মুহূৰ্তৰ ভিতৰত ৩টা টিনৰ ঘৰ ভষ্ফীভূত হয়। এই জুইত ৬০ বছৰীয়া মকবুল হুছেইন জুইত পুৰি ছাৰখাৰ হৈ যায়। এই অগ্নিকাণ্ডত ক্ষতিসাধন হোৱা পৰিয়ালৰ  বাবে চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ গাঁওখনৰ সচেতন মহলে দাবী জনায়।