এক্ট ইষ্ট নীতিৰ দ্বাৰা ত্বৰান্বিত হৈছে মিজোৰামৰ লগতে উত্তৰ-পূৱৰ অৰ্থনৈতিক বিকাশৰ গতি- সৰ্বানন্দ সোণোৱাল

আইজল,৩ মাৰ্চঃ দুদিনীয়া ভ্ৰমণসূচীৰে কালি মিজোৰামত উপস্থিত হোৱা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দ্বিতীয় দিনা আইজলত আয়োজিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। আয়ুষ মন্ত্ৰালয় আৰু মিজোৰাম চৰকাৰৰ সহযোগিতাত আয়োজিত এই অনুষ্ঠানত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৩খন ৫০ বিছনাযুক্ত আৰু ৩খন ১০ বিছনাযুক্ত – মুঠ ৬ খন আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে।
তদুপৰি ৰাজ্যখনৰ আয়ুষ খণ্ডক অধিক গতিশীলতা প্ৰদানৰ বাবে আজি একেটা অনুষ্ঠানতে ২৪টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰো শুভ উদ্ধোধন কৰা হয়। মিজোৰামৰ আয়ুষ খণ্ডৰ উত্তৰণ আৰু জনসাধাৰণে সহজলভ্য স্বাস্থ্যসেৱা প্ৰাপ্ত কৰাত এই আন্তঃগাঁঠনিসমূহে এক সবল ভূমিকা পালন কৰিব বুলি সোণোৱালে উল্লেখ কৰে।
৫০ বিছনাযুক্ত এই তিনিখন চিকিৎসালয় আইজল, চম্পাই আৰু হনাথিয়েলত স্থাপন কৰা হ’ব। আনহাতে ১০ বিছনাযুক্ত আয়ুষ চিকিৎসালয় তিনিখন খাওজল, ছাইতুল আৰু হৰটকীত বিকশিত কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালী আৰু ঔষধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু উত্তৰ-পূৱৰ পৰম্পৰাগত ঔষধ প্ৰণালীয়ে আধুনিক স্বাস্থ্যসেৱাত উপশমকাৰী, প্ৰতিৰোধমূলক, নিৰাময়কাৰীৰ ভূমিকা কিদৰে পালন কৰিব পাৰে, তাৰ বিষয়েও বিতংকৈ কয়।
ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয়, এক্ট ইষ্ট নীতিৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ-পৃৱক ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত কৰিছে, যাৰ জৰিয়তে ত্বৰাণিত হৈছে মিজোৰামৰ লগতে উত্তৰ-পূৱৰ অৰ্থনৈতিক বিকাশৰ গতি।
আনহাতে মিজোৰামক দেশৰ মানৱ সম্পদৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হিচাপে অভিহিত কৰি সোণোৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সবল নেতৃত্বৰো ভূয়সী প্ৰশংসা কৰে আৰু কয় যে, জোৰামথাংগৰ বলিষ্ঠ নেতৃত্বত মিজোৰামৰ বিকাশে এক নতুন শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে।
এই অনুষ্ঠানত উপস্থিত থাকে মিজোৰামৰ মুখ্যমন্ত্ৰী ড° আৰ লালথাংগলিয়ানা, সাংসদ লাল্টলনথাংগা, স্থানীয় বিধায়ক প্ৰমুখ্যে উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্য-মান্য লোকসকল।