হাইলাকান্দিত চিপ জৰি লোৱা অৱস্থাত উদ্ধাৰ মাতৃসহ ২ শিশু সন্তান

নিউজ ডেস্ক, ৩ মাৰ্চঃ বুধবাৰে নিশা হাইলাকান্দি জিলাৰ লালা থানাৰ অন্তৰ্গত চন্দ্ৰপুৰ গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। নিশা নিজ ঘৰৰ পৰা চিপ জৰি লোৱা অৱস্থাত উদ্ধাৰ হয় ৰিম্পী দাস আৰু তেঁওৰ দুই কন্যা সন্তান। একেডাল ৰচীতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ তিনিটা। ঘৰৰ অন্য সদস্যই মৃতদেহবোৰ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাটো আত্মহত্যা নে পৰিকল্পিত হত্যা সেয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰবৰ্তীয়ে জানিবলৈ দিয়ে।