Local, Vocal, Global

2 Congress leaders suspended for taking part in Amrit Kalash Yatra : অমৃত কলহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিলম্বিত হ’ল কংগ্ৰেছ কৰ্মী

নিউজ ডেস্ক, ১০ অক্টোবৰ : অমৃত কলহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিলম্বিত কংগ্ৰেছ কৰ্মী ।

উল্লেখ্য যে সমগ্ৰ বিশ্ব জুৰি চলি আছে অমৃত কলহ যাত্ৰা । এই যাত্ৰাত ভাগ লৈছে শ শ ৰাজনৈতিক নেতা কৰ্মীয়ে । কিন্তু এই যাত্ৰাত ভাগ লোৱায়ে যেন বিপদ হ’ল কংগ্ৰেছ কৰ্মীৰ বাবে । অমৃত কলহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিলম্বিত হ’ল কংগ্ৰেছ কৰ্মী । APCC ৰ নিৰ্দেশ মৰ্মে নিলম্বন APCC ৰ পৰা(2 Assam Congress Leaders Suspended For Taking Part In Amrit Kalash Yatra) ।

অমৃত কলহ যাত্ৰাত ভাগ লোৱাৰ অপৰাধত অসম প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছে ২জনকৈ কংগ্ৰেছী নেতাক। গোৱালপাৰাৰ মাটিয়া ব্লক কংগ্রেছৰ সভাপতি আইনাল হক চৌধুৰী আৰু গোৱালপাৰা জিলা মহিলা কংগ্রেছৰ সভানেত্রী আফ্ৰুজা বেগমক নিলম্বন কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দুয়োগৰাকী কৰ্মকৰ্তাকে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে(Congress suspends two party leaders for taking part in Amrit Kalash Yatra)।

মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা নিৰ্দেশনাৰ যোগে এই কথা সদৰি কৰে। উক্ত নিৰ্দেশনাখনত উল্লেখ থকা অনুসৰি, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে, বিজেপি নেতাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ফটো বিকৃতকৰণ কৰি তেখেতক ৰাৱনৰ অৱতাৰ বুলি প্ৰচাৰ কৰিছে(2 Congress leaders suspended for taking part in Amrit Kalash Yatra)।

সেই সময়ত দুই কংগ্ৰেছ কৰ্মীয়ে বিজেপিৰ অমৃত কলহ কাৰ্যসূচীত অংশগ্ৰহণ কৰোটো দলৰ ক্ষতি কৰিছে ।

লগতে তেওঁলোকৰ এই কাৰ্যই দলৰ অন্য কৰ্মকৰ্তাসকলকো মোহ ভংগ কৰিছে।

লগতে পঢ়ক :ED raids AAP Delhi MLA Amanatullah Khan : ED ৰ অভিযান আপৰ বিধায়কৰ গৃহত