17 hospitalized after gas leak at food processing factory in Pune : খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত গেছ লিকৰ ঘটনা;অসুস্থ ১৭ জনকৈ লোক
নেশ্যনেল ডেস্ক, 8 আগষ্ট: খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত গেছ লিকৰ ঘটনা ৷ এম’নিয়া গেছ লিক হোৱাৰ ফলত শাৰিৰীকভাৱে অসুস্থ হৈ পৰা ১৭ জনকৈ লোক।মহাৰাষ্ট্ৰৰ পুনে জিলাৰ য়াৱত অঞ্চলত সংঘটিত হৈছে এই অঘটনাটো(17 hospitalized after gas leak at food processing factory in Pune)।
স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি বৰ্তমান অসুস্থ লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ কিন্তু এজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে আই চি ইউত ৰখা হৈছে ৷
আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, এই ঘটনাটো মঙলবাৰে পুৱা সংঘটিত হৈছিল(17 hospitalized after gas leak at food processing factory in Pune) ।
আৰক্ষীৰ এগৰাকী শীৰ্ষ পৰিদৰ্শক নাৰায়ণ দেশমুখে এই সন্দৰ্ভত প্ৰকাশ কৰা অনুসৰি, গেছ লিকৰ এই দুৰ্ঘটনাই ১৭ জন ব্যক্তি আহত হয় ৷ পৰৱৰ্তী সময়ত আটাইকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ বৰ্তমান সকলোৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও চিকিৎসকৰ পৰ্যবেক্ষণত আছে ৷ ইতিমধ্যে আটাইকেইগৰাকীকে চিকিৎসকে বিপদমুক্ত ঘোষণা কৰিছিল ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷