Local, Vocal, Global

CRPF sub-inspector injured in IED blast in Jharkhand : ঝাৰখণ্ডৰ জাৰাইকেলাৰ বালিবা অৰণ্যত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণ;আহত সেনা জোৱান

নিউজ ডেস্ক,৮আগষ্ট : নক্সালবাদীৰ এক আই ই ডি বিস্ফোৰণৰ । ঝাৰখণ্ডৰ চাৰান্দা জিলাৰ চাইবাছাৰ জাৰাইকেলাৰ বালিবা অৰণ্যত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।এই ভয়ংকৰ বিস্ফোৰণত আহত হয় এজন জোৱান ।বৰ্তমান আহত জোৱানজনক বিমানেৰে ৰাঁচীলৈ লৈ যোৱা হৈছে( CRPF sub-inspector injured in IED blast in Jharkhand ) ।

পশ্চিম সিংভূম জিলাত নক্সালবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এই অভিযানত বৃহস্পতিবাৰে পুৱা চাৰান্দা বনাঞ্চলত নক্সালবাদীয়ে এটা আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । এই বিস্ফোৰণত কোব্ৰা বেটেলিয়নৰ এ এছ আই এজন আহত হয় । আহত জোৱানজন কোব্ৰা ২০৯ বেটেলিয়নৰ জিতেন্দ্ৰ দানি বুলি জানিব পৰা গৈছে । আৰক্ষীৰ মুখ্য কাৰ্যালয় তথা আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এই ঘটনাটো নিশ্চিত কৰে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰে যে নিষিদ্ধ চি পি আই মাওবাদী নক্সাল সংগঠন শীৰ্ষ নেতাসকল দলৰ আন সদস্যসকলৰ সৈতে চাৰাণ্ডা জিলাৰ কোলহানে অঞ্চলত বিচৰণ কৰি আছে । এই খবৰ লাভ কৰাৰ পিচতে বুধবাৰৰ পৰা ছোটানাগাৰা আৰু জাৰাইকেলা আৰক্ষী থানা অঞ্চলৰ সীমান্ত বন অঞ্চলত চি আৰ পিএফ, কোব্ৰা আৰু জিলা আৰক্ষী বাহিনীৰ দ্বাৰা এক যুটীয়া অভিযান আৰম্ভ কৰে(CRPF sub-inspector injured in IED blast at infamous Baliba in West Singhbhum) ।

এই অভিযানৰ সময়তে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ছোটানাগৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ভানগ্ৰাম বালিবাৰৰ চৌপাশে থকা অৰণ্য আৰু পাহাৰীয়া এলেকাত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি নক্সালবাদীয়ে স্থাপন কৰা এটা আই ই ডি বিস্ফোৰণ কৰা হয় । দুৰ্ঘটনাটোত কোব্ৰা ২০৯ বেটেলিয়নৰ এছ আই জিতেন্দ্ৰ দানি আহত হয় । অৱশ্যে আহত জোৱানজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জনোৱা হৈছে ।

লগতে পঢ়ক : Arunachal Pradesh liquor seized in Sonitpur : শোণিতপুৰৰ খনামুখত জব্দ অবৈধ অৰুনাচলী সুৰা;আটক মহিলা